দেওবাৰে সন্ধিয়া গুৱাহাটীৰ বেলতলাত দ্ৰুতবেগী ডাম্পাৰে মহটিয়াই নিয়ে মনোৰমা বৰুৱাক। নিশা চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয় মনোৰমা বৰুৱাই। জনসংযোগৰ যুটীয়া সঞ্চালকৰ ওপৰিও এগৰাকী লেখিকাৰ লগতে কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছিল মনোৰমা বৰুৱাই ৷মৃত্যুৰ সময়তে মনোৰমা বৰুৱাই স্বামী আৰু দুগৰাকী কন্যাক এৰি থৈ যায়। মনোৰমা বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে তথ্য আৰু জনসংযোগ সঞ্চালকায়ৰ সমূহ বিষয়া-কৰ্মচাৰীয়ে। লগতে বিদেহী আত্মাৰ চিৰ শান্তি কামনাৰ শোক সভা অনুষ্ঠিত কৰে।
গুৱাহাটীৰ মাজ-মজিয়াত ডাম্পাৰৰ দৌৰাত্ম্যত প্ৰাণ গ’ল জনসংযোগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক মনোৰমা বৰুৱাৰ৷
![](https://sangbadlahar.com/wp-content/uploads/2025/02/476156981_1013066727598512_9100884237153837141_n.jpg)