• Home
  • অসম
  • ১ লাখ ৬৫ হাজাৰক দিয়া হ’ল চাকৰি বৰ্তমান চৰকাৰৰ অন্তিমটো নিযুক্তি প্ৰদান অনুষ্ঠান
Image

১ লাখ ৬৫ হাজাৰক দিয়া হ’ল চাকৰি বৰ্তমান চৰকাৰৰ অন্তিমটো নিযুক্তি প্ৰদান অনুষ্ঠান

নিৰ্বাচনৰ প্ৰাকক্ষণত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অন্তিমটো নিযুক্তি অনুষ্ঠানৰ আয়োজন কৰে । বৃহস্পতিবাৰে গুৱাহাটীৰ খানাপাৰাত এক অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ৫,৬৯০ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে ।মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, “এইটো পুনৰ এক স্বচ্ছ নিয়োগ প্ৰক্ৰিয়া । বিগত ৫ বছৰত মই অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হৈছোঁ আৰু যোগ্য প্ৰাৰ্থীক নিয়োগ পত্ৰ প্ৰদান কৰিছোঁ । অসমৰ পূৰ্বৰ কোনো এখন চৰকাৰে ইমান বৃহৎ সংখ্যক নিয়োগ আগবঢ়াব পৰা নাছিল । পূৰ্বে চৰকাৰসমূহে ২০ হাজাৰৰ পৰা ৫০ হাজাৰমান চাকৰি প্ৰদান কৰিব পাৰিছিল । আমি ১ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলোঁ, কিন্তু এতিয়া সেই সংখ্যা অতিক্ৰম কৰি ১ লাখ ৬৪ হাজাৰৰো অধিক চাকৰি প্ৰদান কৰা হৈছে ।”মুখ্যমন্ত্ৰীয়ে লগতে জনাই যে বৰ্তমান চৰকাৰৰ ৫ বছৰৰ কাৰ্যকালত এইটো নিয়োগ পত্ৰ বিতৰণৰ অন্তিম কাৰ্যসূচী । মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰে যে পূৰ্বৰ চৰকাৰসমূহৰ সময়ত নিয়োগ প্ৰক্ৰিয়াত ব্যাপক দুৰ্নীতি সংঘটিত হৈছিল । তেওঁ কয়, “আগতে এ পি এছ চিৰ পৰা আৰম্ভ কৰি অংগনৱাড়ী নিয়োগলৈকে বহু ক্ষেত্ৰত অনিয়ম হৈছিল । আনকি আশাকৰ্মী বা মধ্যাহ্ন ভোজন আঁচনিৰ কৰ্মীসকলেও চাকৰি লাভ কৰিবলৈ ধন দিবলগীয়া হৈছিল । নিম্নস্তৰৰ চাকৰিৰ বাবে প্ৰায় ১ লাখ টকা আৰু এ চি এছ বা ডি এছ পি স্তৰৰ চাকৰিৰ বাবে ১ কোটি টকালৈকে ধন দিবলগীয়া হৈছিল । কংগ্ৰেছৰ দিনত প্ৰতিটো চাকৰিৰে এটা দৰ আছিল । কংগ্ৰেছৰ মন্ত্ৰী, বিধায়ক সকলোৱে তাত জঁপিয়াই পৰিছিল ।”

Releated Posts

‘জুবিনে ন্যায় নাপালে ন্যায় শব্দটোৱে নাথাকিব’

জুবিনক্ষেত্ৰত উপস্থিত জুবিন প্ৰিয়তমা গৰিমা গাৰ্গ দুচকুত কেৱল চকুলো ‘জুবিন গাৰ্গে শীঘ্ৰেই ন্যায় পাওক’ ‘জুবিনে ন্যায় নাপালে ন্যায়…

ByByMahesh Malakar May 1, 2026

অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ গোচৰত জামিন পালে পৱন খেড়াই

অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ গোচৰত জামিন পালে পৱন খেড়াই উচ্চতম ন্যায়ালয়ৰ পৰা অগ্ৰীম জামিন লাভ কৰিলে…

ByByMahesh Malakar May 1, 2026

অসমত হ’ব পাৰে ভয়াৱহ বানসদৃশ পৰিস্থিতি

অসমত হ’ব পাৰে ভয়াৱহ বানসদৃশ পৰিস্থিতি ১মে’ৰ পৰা ৪ মে’ পৰ্যন্ত বতৰে চলাব তাণ্ডৱলীলা ঘন্টাত ৪০-৫০কিঃমিঃ বেগেৰে ধুমুহা…

ByByMahesh Malakar May 1, 2026

বিজেপিয়ে নহয়, ৪মে’ত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে

বিজেপিয়ে নহয়, ৪মে’ত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে ১০০খন নহয়,মাত্ৰ ৪০খন আসনহে পাব বিজেপিয়ে ২০২১ৰ দৰে ভুল প্ৰমাণিত…

ByByMahesh Malakar May 1, 2026
Scroll to Top