ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি শিল্পী দিৱস উপলক্ষ্যেত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰসংশনীয় পদক্ষেপ।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি শিল্পী দিৱস উপলক্ষ্যেত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰসংশনীয় পদক্ষেপ।

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শিল্পী দিৱসত বচা বচা শিল্পীক অভিনন্দন জনায় সফল কাম ৰূপায়ন কৰিলে। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিগবৈ আঞ্চলিক সমিতিয়েও এইক্ষেত্ৰত পিছপৰি থকা নাই।পৰিষদৰ তৰফৰ পৰা ডিগবৈৰ দুগৰাকী শিল্পীক ফুলাম গামোচা আৰু চেলেং চাদৰে অভিনন্দন জনায়।অসম চৰকাৰে শিল্পী পেঞ্চনাৰ হিচাপে ঘোষণা কৰা ডিগবৈৰ তিলেশ্বৰ তামুলী আৰু আনগৰাকী উদীয়মান কণ্ঠশিল্পী ৰাজ নয়নকো ফুলাম গামোচা, চেলেং চাদৰ পিন্ধাই লুইত শিল্পী প্ৰেক্ষাগৃহত অভিনন্দন জ্ঞাপন কৰে।ডিগবৈ আঞ্চলিক সমিতিৰ সভাপতি মথুৰা দাস, সাধাৰণ সম্পাদক বিশাল দে’ৰ লগতে পৰিষদৰ একাধিক কৰ্মকৰ্তা আৰু সাহিত্য কৰ্মী, সাংবাদিক বিনন্দ কোঁৱৰ আৰু নিতুমণি শইকীয়া উপস্থিত থাকি অনুস্থানত সহযোগিতা আগবঢ়ায়।