পঞ্চম-অষ্টম শ্ৰেণীত প্ৰৱৰ্তন হ’ব উত্তীৰ্ণ-অনুত্তীৰ্ণৰ নিয়ম ।
স্কুলৰ পৰীক্ষাত অনুত্তীৰ্ণ হ’ব শিক্ষাৰ্থী ।
পঞ্চম-অষ্টম শ্ৰেণীত অনুত্তীৰ্ণ নকৰাৰ নীতি বাতিল ।
নিৰ্ধাৰিত নম্বৰ নাপালে অনুত্তীৰ্ণ বুলি ঘোষণা কৰা হ’ব ।
দুমাহৰ ভিতৰত পুনৰ এবাৰ পৰীক্ষাত বহিব পাৰিব ।
পৰীক্ষাত সফল নহ’লে একেটা শ্ৰেণীতে পুনৰ পঢ়িব লাগিব ।
উত্তীৰ্ণ নহ’লেও অষ্টম শ্ৰেণীলৈকে বিদ্যালয়ৰ পৰা বাহিৰ কৰিব নোৱাৰিব ।
শিক্ষাৰ মান উন্নত কৰাৰ উদ্দেশ্য এই সিদ্ধান্ত ।
কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ৩ হাজাৰ বিদ্যালয়ত প্ৰথমে প্ৰযোজ্য হ’ব এই নিয়ম ।