সুদীৰ্ঘ এটা বছৰৰ অন্তত আজিৰে পৰা মুকলি হ’ল ৰূপসী বিমানবন্দৰ।

পুৱাৰ পৰাই বিমাবন্দৰটোত এক আনন্দময় পৰিৱেশ ।
সপ্তাহত তিনিদিন, পুৱা ৮ বাজি ২০ মিনিটত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা এয়াৰলাইঞ্চৰ যাত্ৰী কঢ়িয়াই অনা বিমানখনে ৰূপসী বিমান বন্দৰত 9:05 AM অৱতৰণ কৰিব আৰু ইয়াৰ পাছত পুৱা 9.30 বজাত কলিকতালৈ যাব । ব্ৰিটিছ শাসনকালত দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে স্থাপন হোৱা ৰূপসী বিমান বন্দৰটো ১৯৮৪ চনৰ পৰা বন্ধ হৈ আছিল । “ফ্লাইবিগে” নামৰ কোম্পানীটোৱে ৰূপসীৰ পৰা গুৱাহাটী আৰু কলকতালৈ আগবঢ়াইছিল সেৱা , কিন্তু এটা বছৰৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ আছিল বিমান সেৱা। এয়াৰলাইঞ্চে আজিৰে পৰা সপ্তাহত তিনি দিনকৈ আগবঢ়াব বিমান সেৱা। বিমান বন্দৰত উপস্থিত হৈ অসম চৰকাৰৰ মন্ত্ৰী ইউ: জি ব্ৰহ্মই পৰ্যবেক্ষণ কৰে।