যান-বাহনৰ চালকৰ বাবে ডাঙৰ খবৰ | সামান্য ভুল কৰিলেই ভৰিব ২৫ হাজাৰ টকা পর্যন্ত জৰিমনা,বাহন চলাওতে সাৱধান হওঁক আপুনি।আপোনাৰ এটা ভুলেই মাতিব বিপদ,সুৰাপান কৰি বাহন চলালেই ১০হাজাৰ টকা পর্যন্ত ভৰিব লাগিব জৰিমনা।হেলমেট নোহোৱাকৈ গাড়ী চলালে ১০০০ টকা জৰিমনাৰ লগতে ৩ মাহলৈ বাতিল হ’ব লাইচেন্স,লাইচেন্স নোহোৱাকৈ গাড়ী চলালে ৫০০০ টকা জৰিমনা।ছিটবেল্ট ব্যৱহাৰ গাড়ী চলালে ১০০০ টকা জৰিমনা।তীব্রগতিত গাড়ী চলালে ২০০০ টকা জৰিমনা,বিপজ্জনকভাৱে গাড়ী চলালে ৫০০০ টকা জৰিমনা।দুচকীয়া বাহনত ৩জন উঠিলে ১০০০ টকা জৰিমনা।ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে ২০০০ টকা জৰিমনা।মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে ৫০০০ টকা জৰিমনা।কম বয়সৰ ল’ৰা-ছোৱালীয়ে গাড়ী চলালে ২৫ হাজাৰ টকা জৰিমনা।কেৱল এয়াই নহয়, নাবালকে গাড়ী চলালে ২৫ বছৰলৈ নাপাব লাইচেন্স বাতিল হ’ব গাড়ীৰ পঞ্জীয়ন,৩ বছৰ পৰ্যন্ত জে’ল হ’ব পাৰে অভিভাৱকৰ।গতিকে সাৱধান হওক সতর্ক হওক, তীব্রগতি পৰিহাৰ কৰক।