যশস্বী কবি, গীতিকাৰ, গায়িকা আৰু শিক্ষাবিদ ড° লক্ষহীৰা দাস আৰু নাই। শনিবাৰে পুৱতি নিশা ৰাজগড়স্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। পৰিয়ালৰ লোকে সদৰি কৰা অনুসৰি, কিছুদিনৰ পৰা অসুস্থ হৈ থকা ড° লক্ষহীৰা দাসক কিছুদিনৰ পূৰ্বে হস্পাতালৰ পৰা ঘৰলৈ অনা হৈছিল। শনিবাৰে হঠাতে স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পুনৰ হাস্পতাললৈ নিবলৈ ওলোৱাৰ সময়তে ঘৰতেই পুৱতি নিশা ২.৩০বজাত তেখেতৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪বছৰ।
