মৰিগাঁৱৰ ফুলবাৰীৰ এটি পৰিয়ালৰ গোঁসাই ঘৰত নিশা চোৰে চলালে চাফাই অভিযান।

মৰিগাঁৱৰ ফুলবাৰীৰ এটি পৰিয়ালৰ গোঁসাই ঘৰত নিশা চোৰে চলালে চাফাই অভিযান।

মৰিগাঁও জিলাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ইটোৰ পিছত সিটোকৈ চুৰি কাৰ্যৰ ঘটনা। কিছু দিনৰে পৰা চহৰখনৰ নামঘৰ, মণিকূট, মন্দিৰ, গৃহস্থৰ গোঁসাই ঘৰ ইত্যাদিত চোৰে চলাই আহিছে চাফাই অভিযান।

নিশা মৰিগাঁৱৰ ফুলবাৰীস্থিত এটি পৰিয়ালৰ গোঁসাই ঘৰৰ পৰা চোৰে নিলে ভগৱানৰ শালগ্ৰাম মূৰ্তি দুটা, পিতলৰ চৰিয়া, কাঁহৰ থাল,গিলাচ,বৰতাল,টকা ইত্যাদি । আৰু এইবোৰ লৈয়ে উধাও হয় চোৰৰ দল।