বুধবাৰে নিশা প্ৰকৃতিপ্ৰেমী মঞ্চ অসমে মৰিগাঁও বৰঙাবাৰীৰ পৰা উদ্ধাৰ কৰে এটা মজলীয়া আকাৰৰ ধোন্দুলি গুম ।
উক্ত গাওঁখনৰ এটা পৰিয়ালৰ ঘৰৰ ভিতৰত আহাৰৰ সন্ধানত চুপলৈ আছিল নিমাখিত প্ৰাণীটোৱে ৷ ঘৰখনৰ গৃহস্থই প্ৰত্যক্ষ কৰাৰ মাত্ৰকে হাহাকাৰ লাগে চুবুৰীটোত ৷ লোকে-লোকাৰণ্য হোৱাত উপায়ন্তৰ হৈ অভিনেতা তথা প্ৰকৃতিপ্ৰেমী মানস প্ৰতিম হাজৰিকা আৰু দিবেন্দ্ৰ হাজৰিকাৰ খবৰৰ ভিত্তিত উক্ত স্থানত প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ কৰ্মকৰ্তা ক্ৰমে হিতেশ শৰ্মা, টুটু পাটৰ, বিজু ডেকা আৰু মুনিন্দ্ৰ আমচি উপস্থিত হয় আৰু বিষহীনভাৱে সাপটো ধৰি আনি নাতিদূৰৈৰ নিৰাপদ স্থানত পুনৰ মুকলি কৰি দিয়ে ৷ বৰঙাবাৰী অঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি সৰ্প তথা পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত অৱলম্বন কৰি অহা এই সচেতনতাক পুনৰবাৰ শলাগ লয় ৷
