মৰিগাঁও মানিপুৰত উপস্থিত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী সাবিত্ৰী ঠাকুৰ । দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে মৰিগাঁৱত বৃহস্পতিবাৰে উপস্থিত হৈছিল মন্ত্ৰীগৰাকী । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা আৰু কৃষকসকলক আগুৱাই লৈ যোৱাৰ যি প্ৰয়াস দেখিছিল সেই প্ৰয়াসক এক নতুন গতি প্ৰদান কৰাৰ লক্ষ্যৰে এই পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ । দুদিনীয়া কাৰ্যসূচীত মৰিগাঁও জিলাৰ শিশু ,মহিলা, জনজাতীয় লোকসকলক বিশেষ গুৰুত্ব প্ৰদান কৰি বিভিন্ন প্ৰতিষ্ঠানসমূহ পৰিদৰ্শন কৰে । লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, জনজাতীয় লোকসকলৰ সন্তানে যেতিয়া মেডেল লাভ কৰাৰ খবৰ পোৱা যায়, বহুত সুখী অনুভৱ হয় ৷ প্ৰতিখন ৰাজ্যৰ জনজাতীয় লোকসকলৰ বাবে প্ৰধানমন্ত্ৰীয়ে সুকীয়াকৈ অতিৰিক্ত বাজেট নিৰ্ধাৰণ কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।