মৰিগাঁৱত আসাম ষ্টেট আউটচ’ৰ পাৱাৰ ৱ’কাৰ্চ ইউনিয়নৰ বিক্ষোভ ধৰ্ণা কাৰ্যসূচী ।

অসমৰ শক্তিখণ্ডৰ তিনিওটা কোম্পানী ক্রমে APDCL,AEGCLআৰু APGCLৰ অস্থায়ী কৰ্মচাৰীৰ যৌথ মঞ্চ আছাম স্টেট আউটচৰ পাৱাৰ ৱা’কাৰ্চ ইউনিয়নে বিগত বছৰসমূহত শক্তিখণ্ডৰ অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ বিষয়কে আদি কৰি ১১ দফীয়া দাবী পূৰণ কৰাৰ বাবে অসমৰ শক্তি মন্ত্রী, মাননীয় মুখ্যমন্ত্রী আৰু বিভাগীয় কর্তৃপক্ষক বহু সময়ত গণতান্ত্রিক আন্দোলনৰ মাধ্যমেৰে আৰু আলোচনাৰ জৰিয়তে অৱগত কৰাই অহাৰ পাছতো কোনোধৰণৰ ইতিবাচক সঁহাৰি লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত বর্তমান সময়ত অস্থায়ী কর্মচাৰী যৌথমঞ্চ আছাম স্টেট আউটচৰ পাৱাৰ ৱ’কাৰ্চ ইউনিয়নে যোৱা ২১ জুলাই তাৰিখে গুৱাহাটী ছয় মাইলৰ ASEB
পেঞ্চনাৰ ভৱনত অনুষ্ঠিত হোৱা সন্থাৰ কেন্দ্রীয় কার্যনিবাহক ও সাধাৰণ সভাৰ সিদ্ধান্তৰ মর্মে প্রথম কাৰ্যসূচী অসমৰ প্ৰতিটো বৈদ্যুতিক চক্ৰৰ প্রাঙ্গনত আজি ২ ঘন্টীয়া ধৰ্ণা কার্যসূচী পালন কৰে । এই কার্যসূচীৰ পাছতো যদি বিভাগ আৰু চৰকাৰে বিভাগৰ হৈ বছৰ বছৰ ধৰি কাম কৰি নিজকে বুঢ়া কৰি পেলোৱা অস্থায়ী কর্মচাৰী চাকৰি নিয়মীয়াকৰণৰ পৰা বঞ্চিত কৰাবলৈ বিচাৰি যদি নতুন নিযুক্তিৰ লগতে সন্থাই কৰি অহা দাবীসমূহৰ প্ৰতি চৰকাৰ আৰু বিভাগে কোনোধৰণৰ গুৰুত্ব নিদিয়ে তেন্তে পুনৰ ২৯ আগষ্টত, বিজুলী ভৱনৰ সন্মুখত ৩ ঘন্টীয়া অৱস্থান ধর্মঘট কার্যসূচী পালন কৰিব‌ বুলি জনায় ,আজি ১১ দফীয়া দাবী সন্মিলিত স্মাৰক পত্র বিদ্যুৎ চক্ৰৰ মুখ্য কাৰ্যবাহী
বিষয়া মহোদয়ৰ জৰিয়তে অধ্যক্ষ APDCLবিজুলী ভবনলৈ প্ৰেৰণ কৰা হয় বুলি কেন্দ্ৰীয় কমিটিৰ সম্পাদক প্ৰসেনজিৎ দেৱনাথে এনেদৰে কয় ।