মৰিগাঁও আগশাৰী শিক্ষানুষ্ঠান গড়মাৰী আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠান…

মৰিগাঁও আগশাৰী শিক্ষানুষ্ঠান গড়মাৰী আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানৰ আজি অন্তিম দিন ১৯৭৫ চনতে প্ৰতিষ্ঠা লাভ কৰা মৰিগাঁও গড়মাৰী অঞ্চলৰ একমাত্ৰ শিক্ষানুষ্ঠান গৰমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে পাৰ কৰিলে ৫০ বছৰ । যাৰ বাবে বিদ্যালয়খনে পালন কৰিছে সোণালী জয়ন্তী ।

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সোণালী জয়ন্তী অনুষ্ঠানৰ আজি অন্তিম দিন । অন্তিম দিনাৰ প্ৰথম কাৰ্যসূচী বাহিৰ কৰা হয় এক বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা । বৰ্তমানৰ ছাত্ৰ ছাত্ৰী লগতে সাংস্কৃতিক শোভাযাত্ৰা অংশগ্ৰহণ কৰে ন পুৰণি ছাত্ৰ ছাত্ৰী সকলৰ । শোভাযাত্ৰা অনুষ্ঠানটি মুকলি কৰে মৰিগাঁওৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ।