মাৰ্ঘেৰিটাৰ ভিতৰপাৱৈত মৃত অৱস্থাত এটা বনৰীয়া হাতী পোৱালি উদ্ধাৰ হোৱাত চাঞ্চল্য সৃষ্টি অঞ্চলটোত ।
মাৰ্ঘেৰিটা সমজিলাৰ বিভিন্ন প্ৰান্তত চলিত বছৰটোত বহুকেইটা বনৰীয়া হাতীৰ মৃত্যু হৈছে ।
পুনৰ মাৰ্ঘেৰিটা ভিতৰপাৱৈ বন বিভাগৰ অস্থায়ী শিবিৰৰ নিচেই কাষতে সংঘটিত হৈছে এই কৰুণ ঘটনাটো।
আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা ধাননি পথাৰত ধান খাবলৈ ওলাই আহি মৃত্যুমুখত পৰে প্ৰায়
৭ ফুট উচ্চতাৰ বনৰীয়া হাতী পোৱালিটো । আঘোণ মাহৰ পকা ধান থকা পথাৰত ধান খাবলৈ অহা হাতী পোৱালীটোক কোনো দুষ্কৃতিকাৰীয়ে হত্যা কৰিছে নে আন কিবা কাৰণতে মৃত্যু হৈছে সঠিক খবৰ বাতৰি যুগুত কৰালৈকে জানিব পৰা হোৱা নাই । বন বিভাগে খবৰ লাভ কৰি ঘটনাস্থলীত বিষয়া কৰ্মচাৰী উপস্থিত হৈ বন্যহস্তীটো মৃত্যু সন্দৰ্ভত প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে । পশু চিকিৎসক আহি মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছতহে প্ৰকৃত ৰহস্য উদঘাটন হ’ব ।