মাৰ্ঘেৰিটাৰ চিমা পথাৰত বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজন যুৱকৰ।

মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ এলেকাধীন চিমা পথাৰ গাঁৱত এটা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই বাৰীৰ কল কুঁহিয়াৰ খাই অনিষ্ট কৰাৰ লগতে এটা বাসগৃহ ভাঙি তহিলং কৰে । পুৱতি নিশা সংঘটিত হোৱা দুৰ্ঘটনাটোত ঘৰৰ ভিতৰতে ৰঞ্জিত গড় নামৰ লোক জনক গছকি-ঠেকেচি বন্যহস্তীটোৱে মাৰি পেলায় । ঘটনাৰ লগে লগে মাৰ্ঘেৰিটা বন বিভাগ আৰু মাৰ্ঘেৰিটা আৰক্ষীক স্থানীয় ৰাইজে খবৰ দিয়াত নিশাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ আহে । পৰৱৰ্তী সময়ত ৰাইজে উক্ত বনৰীয়া হাতীটো হাবিলৈ খেদি পঠাবলৈ সক্ষম হয় । উল্লেখ্য যে,উক্ত অঞ্চলটোত পূৰ্বেও বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ আক্ৰমণত একাধিক লোকে প্ৰাণ হেৰুৱাইছিল। মাৰ্ঘেৰিটা থানাৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ।