সমাগত পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন।বৰপেটা জিলা ভৱানীপুৰ সৰভোগ সমষ্টিৰ ৭ নং নিচুকা গাওঁ পঞ্চায়তৰ অন্তৰ্গত চেঙেলীয়া গাৱৰ ৮ নং খণ্ডৰ সদস্যা পদৰ প্ৰাৰ্থী নুৰনেহাৰ বেগমৰ নিৰ্বাচনী প্ৰচাৰ ।চেঙেলীয়া গাৱৰ ৮ নং খণ্ডৰ নিৰ্দলীয়া প্ৰাৰ্থী নুৰনেহাৰ বেগমৰ প্ৰতীক চিহ্ন হৈছে টেক্সী গাড়ীচেঙেলীয়া গাৱৰ শ শ ৰাইজৰ যথেষ্ট বিপুল সহাৰি পাইছে বুলি উল্লেখ কৰে নুৰনেহাৰ বেগমে ।

নিৰ্বাচনত জয়লাভ কৰিব পাৰিলে চেঙেলীয়া গাৱৰ ৰাইজৰ বিভিন্ন সমস্যা কৃত্ৰিম বানপানী , ৰাস্তা ঘাট , অৰুনোদয় আচনি ,বৃদ্ধ পেঞ্চন সৌচালয় প্ৰধান মন্ত্ৰী আৱাস যোজনা ঘৰ , জব কাৰ্ড আদি সকলো সমস্যা সমাধান কৰিব বুলি উল্লেখ কৰে নুৰনেহাৰ বেগমে ।অহা ৭ তাৰিখত অনুষ্ঠিত হব লগা পঞ্চায়ত নিৰ্বাচনৰ ৮ নং খণ্ডৰ চেঙেলীয়া গাৱৰ নুৰনেহাৰ বেগমক টেক্সী গাড়ীত ভোট দিবলৈ ৰাইজক আহ্বান জনায়।
