বিটিচিৰ সকলো ক্ষেত্ৰতে বিফল ইউপিপিএল । ২০২৫ ত বিপিএফৰ চৰকাৰ নিশ্চিত । মুছলপুৰত মহিলা বিপিএফৰ কৰ্মীসভাত হাগ্ৰামা মহিলাৰীৰ মন্তব্য ।

বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অন্যান্য দলৰ সমান্তৰালভাৱে কুচ-কাৱাজ আৰম্ভ কৰিছে বিপিএফ দলেও । আজি বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী অদালবাৰীত চেণ্ট্ৰেল বিপিএফৰ কৰ্মীসভাত উপস্থিত থাকি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে । তেওঁ কয় যে, প্ৰমোদ বড়োৰ দিনত একোৱেই হোৱা নাই । তিনি কোটিৰ অতিথিশালা মেৰামতিৰ বাবে খৰচ কৰে ১২ কোটি টকা । আমাৰ চৰকাৰ আহিলে এইবোৰ তদন্ত হ’ব । লগতে তেওঁ ২০২৫ ত বিপিএফৰ চৰকাৰ নিশ্চিত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । বিপিএফৰ প্ৰাক্তন ডেপুটি চীফ খাম্পা বৰগয়াৰীৰ দলত্যাগকলৈ চলি থকা চৰ্চা সন্দৰ্ভতো হাগ্ৰামা মহিলাৰীয়ে কয় যে, তেওঁ ক’তো যোৱা নাই বিপিএফ দলতেই আছে । ইফালে মুখ্যমন্ত্ৰীৰ সৈতে হাগ্ৰামা মহিলাৰীৰ গোপন বুজাবুজি আছে নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মহিলাৰীয়ে কয় যে, কোনো গোপন বুজাবুজি নাই । বিপিএফে অকলে নিৰ্বাচন খেলিব আৰু বিজেপি-ইউপিপিএল দুয়োটা দলৰ বিপৰীতে সংখ্যাগৰিষ্ঠ আসন লাভ কৰি বিজয়ী হ’ব । লগতে সম্ভাৱ্য আসন সন্দৰ্ভতো বিশ্লেষণ দাঙি ধৰে প্ৰাক্তন বিটিচি প্ৰধানগৰাকীয়ে ।