“বিজেপিয়ে অকলে নিৰ্বাচন খেলিলে আমিও খেলিবলৈ প্ৰস্তুত ” – মুছলপুৰত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ মন্তব্য ।

২০২৫ ৰ বিটিচিৰ পৰিষদীয় নিৰ্বাচনত অকলে প্ৰতিদ্বন্দিতা আগবঢ়াব বিজেপিয়ে ।
মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতে বিটিচিত মিত্ৰদল ইউপিপিএলৰ মাজত সৃষ্টি হৈছে জোকাৰণি ।
আজি বাক্সা জিলাৰ মুছলপুৰত অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচীত অংশ লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে
অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ইউপিপিএল দলৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মই ।
তেওঁ কয় যে বিজেপিয়ে যদি অকলে নিৰ্বাচন খেলিব প্ৰস্তুত তেন্তে আমিও প্ৰস্তুত ।
২০২০ ৰ পৰীষদীয় নিৰ্বাচনতো আমাৰ প্ৰাক-মিত্ৰতা নাছিল ।
মুখ্যমন্ত্ৰীয়ে ভাৱি-চিন্তিয়েই সিদ্ধান্ত ল’ব বুলি আমাৰ বিশ্বাস ।
যিহেতু ‘২৫ ৰ পৰিষদীয় নিৰ্বাচনলৈ এতিয়াও যথেষ্ট সময় আছে, সিদ্ধান্তৰ ইফাল-সিফাল হ’ব পাৰে ।
নহ’লে আমি অকলে প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ প্ৰস্তুতি চলাম ।
ইফালে ২০২৫ ৰ নিৰ্বাচনলৈ সমষ্টি পুনৰ্নিদ্ধাৰণৰ সম্ভাৱনা আছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য যে, অমৃত বৃক্ষ আন্দোলনৰ আজি ৰূপায়িত কাৰ্যসূচীত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ উপৰিও
বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, বাক্সা জিলা আয়ুক্ত কৃষ্ণা বৰুৱা,
বাক্সা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া ৰণজিৎ কোঁৱৰকে প্ৰমুখ্যে কৰি জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।