জামাদাৰহাট সমবায় সমিতি লিমিটেডৰ সাধাৰণ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া কালিলৈ অৰ্থাৎ ৮ আগষ্ট , পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব । পৰাভিটা বজাৰত অৱস্থিত জামাদাৰহাট সমবায় সমিতিৰ কাৰ্য্যালয়ত পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈকে বিভাগীয় লোকৰ উপস্থিতিত হব এই মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া। ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ জামাদাৰহাট সমবায় সমিতি লিমিটেডৰ সাধাৰণ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে আৰম্ভ হ’ব ।
ইচ্ছুক অংশীদাৰসকলে মনোনয়ন পত্ৰ দাখিলৰ বাবে কেইবাটাও নীতি নিৰ্দেশনা মানিব লাগিব ।
যেনে : -মনোনয়ন পত্ৰ দাখিলৰ বাবে ৫০০০ টকা মাছুল দিব লাগিব ।
-মনোনয়নৰ মাছুল ঘূৰাই দিয়া নহ’ব ।
-মনোনয়ন প্ৰ-পত্ৰখন সমবায় সমিতিৰ কাৰ্য্যালয়ৰ পৰা লব লাগিব।
– যদি কোনো অংশীদাৰে যোৱা ৫ বছৰৰ বছৰেকীয়া সাধাৰণ সভাত অন্তত দুবাৰ উপস্থিত নাথাকে
সেই ব্যক্তিজনৰ মনোনয়ন পত্ৰখন অবৈধ বুলি ঘোষণা কৰা হব।
-অংশীদাৰসকলে মনোনয়ন পত্ৰৰ লগত আধাৰ কাৰ্ড অথবা ভোটৰ আই ডি কাৰ্ড দিব লাগিব।
অংশীদাৰ সকলে ১০ আগষ্ট তাৰিখলৈকে মনোনয়ন পত্ৰ উঠাই লোৱাৰ সময় পাব।
উল্লেখযোগ্য যে অহা ১৮ -৮ -২০২৪ তাৰিখে জামাদাৰহাট জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুপৰীয়া ১ বজাৰ পৰা আবেলি ৫ বজালৈকে সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হব বুলি জামাদাৰহাট সমবায় সমিতি লিমিটেডৰ সভাপতি ছাদ্দাম হুছেইনে সংবাদ মাধ্যমযোগে জানিব দিয়ে।