বঙাইগাঁৱত চিকিৎসকৰ ভাইৰেল ভিডিও এটাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত ।
দুই পক্ষৰ এজাহাৰ দাখিল নৰ্থ বঙাইগাঁও আৰক্ষী চকীত । বঙাইগাঁও জিলাৰ ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনৰ সম্পাদক তথা চিকিৎসক ডা: তামঘ্না দাসৰ বিৰুদ্ধে ৰোগীৰ আত্মীয়ক দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ ।
নিজৰ চেম্বাৰতে গালি গালাজ ৰোগীৰ আত্মীয়ক । ৰোগীৰ স্বাস্থ্যৰ বিষয়ে বুজ লবলৈ চেম্বাৰলৈ গৈছিল ৰোগীৰ আত্মীয় দেৰাজ আলীয়ে । তাৰ পাছতে দেৰাজ আলীক বেয়া ব্যৱহাৰ কৰে চিকিৎসকগৰাকীয়ে । এই সমগ্ৰ ঘটনাৰ এটি ভিডিঅ ভাইৰেল হৈছে চ’ছিয়েল মিডিয়াত। ইতিমধ্যে ভুক্তভোগী দেৰাজ আলীয়ে উত্তৰ বঙাইগাঁও তহলদাৰী আৰক্ষী চকীত গোচৰ তৰিছে চিকিৎসকগৰাকীৰ বিৰুদ্ধে । সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰি গোচৰ ৰুজু কৰিছে ভুক্তভোগীয়ে ।