বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং জামদহা (বেকাৰচক) বজাৰত সন্ধিয়া ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডত প্ৰায় ৭ খনকৈ দোকান জ্বলি ভস্মীভূত হয় । আকবৰ আলী, নুৰ ইছলাম, কাবিজ উদ্দিন, জাকিৰ হুছেইন, বাবুল আজাদ, নৰেশ দাস, আমিনুল ইছলামৰ দোকান সম্পূৰ্ণৰূপে জ্বলি যায় । অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও বিদ্যুৎতৰ শ্বৰ্টচাৰ্কিটৰ ফলত অগ্নিকাণ্ড হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে । প্ৰায় ৫০ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে । অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজ উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হোৱাত বহু দোকান আৰু মানুহৰ ঘৰ-দুৱাৰ ৰক্ষা পৰে । সন্ধিয়া ৯ বজাত গেৰুকাবাৰীৰ আৰক্ষী তহলদাৰী নিৰীক্ষণ চকীৰ আৰক্ষী উপস্হিত হৈ পৰিস্থিতিৰ বুজ লয় ।