প্ৰয়াগৰাজত মহাকুম্ভ মেলাত স্নানলৈ গৈ ১৪ জানুৱাৰীৰ পৰা নিৰুদ্দেশ ৫৫ বছৰীয়া ৰামসিং চৌহান

প্ৰয়াগৰাজ: প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাত পবিত্ৰ স্নান কৰিবলৈ গৈ ১৪ জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে কাকীৰ ৫৫ বছৰীয়া ৰামসিং চৌহান নামৰ এজন লোক।

যোৱা ১৩ জানুৱাৰীত কাকীৰ টিলাবজাৰৰ পৰা নিজৰ ককাইয়েক-বৌয়েক আৰু আত্মীয়সকলৰ সৈতে প্ৰয়াগৰাজলৈ গৈছিল ৰামসিং চৌহান। জানিব পৰা মতে, ১৪ জানুৱাৰীৰ পুৱা প্ৰায় ৪.০০ বজাত স্নান কৰাৰ পাছতেই লোকজন নিৰুদ্দেশ হয়। এতিয়ালৈ ৩৫ দিন অতিক্ৰম হৈ গ’ল, কিন্তু ৰামসিং চৌহানক বিচাৰি কোনো সন্ধান লাভ হোৱা নাই।

ইফালে, নিৰুদ্দেশ পিতৃৰ সন্ধানত তেওঁৰ পুত্ৰ প্ৰায় এক সপ্তাহ ধৰি প্ৰয়াগৰাজত অনুসন্ধান চলায়। কিন্তু সকলো প্ৰচেষ্টা ব্যৰ্থ হয়। পৰিয়ালৰ লোকে জানিবলৈ দিয়ে যে প্ৰয়াগৰাজৰ স্থানীয় প্ৰশাসন আৰু আৰক্ষীক অৱগত কৰিও কোনো সহায় পোৱা নাই। তেওঁলোকে আৰক্ষীৰ অসহযোগিতাৰ অভিযোগ তুলিছে।

নিৰুদ্দেশ ৰামসিং চৌহানৰ বিষয়ে কোনো সন্ধান পালে ৮৫৯০৫ ৭১৯৯৩ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।