পুনৰ বহিঃৰাজ্যত অসমৰ যুৱক সন্ধানহীন । যদি কোনো সদাশয় ব্যক্তিয়ে যুৱকজনৰ কিবা সম্ভেদ লাভ কৰে, তেন্তে 8404076475 নম্বৰৰ জৰিয়তে পৰিয়ালক অৱগত কৰিবলৈ অনুৰোধ জনাইছে ।

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱক সন্ধানহীন । এইবাৰ বহিঃৰাজ্যত কৰ্ম সংস্থাপন বিচাৰি গৈ সন্ধানহীন হৈ পৰিছে ঘিলামৰাৰ এজন যুৱক । ঘিলামৰা বালিয়নী গাওঁৰ চন্দ্ৰ গগৈ নামৰ যুৱকজন সন্ধানহীন হৈ পৰাৰ লগে লগে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ঘৰখনত । উল্লেখযোগ্য যে যোৱা তিনি মাহৰ আগতে ঘৰৰ পৰা ওলাই যোৱা যুৱকজন প্ৰথমে নিজৰ সম্পৰ্কীয় লোকৰ তত্বাৱধানত কাম কৰি আছিল যদিও পিছত যুৱকজন দূৰ্ঘটনাত পতিত হোৱাৰো খবৰ লাভ কৰিছে পৰিয়ালে । কিন্তু প্ৰথম অৱস্থাত এই সকলো খবৰ দিয়া যুৱকজনৰে সম্পৰ্কীয় বহিঃৰাজ্যত বাস কৰা লোকসকলে পৰৱৰ্তী সময়ত সকলো যোগসুত্ৰ বন্ধ কৰি দিয়ে যুৱকজনৰ ঘিলামৰাস্থিত পৰিয়ালৰ সৈতে । যাৰ ফলত অধিক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ঘটনাটো । ইতিমধ্যে পৰিয়ালৰ লোকসকল ঘিলামৰা আৰক্ষী থানাৰ কাষ চাপিছে যদিও কোনো সুবিধা নোহোৱাত বিমোৰত পৰি কাষ চাপিছে সংবাদ মাধ্যমৰ । কোনো লোকে যদি যুৱকজনৰ কিবা সম্ভেদ পায় তেন্তে 8404076475 নম্বৰৰ জৰিয়তে পৰিয়ালক অৱগত কৰিবলৈ অনুৰোধ জনাইছে ।