নগাঁও চহৰৰ খুটিকটীয়াত ৰাস পথাৰ চেনিমাই ক্ষেত্ৰত অনুষ্ঠিত হোৱা বিহুনাচ,বিহুবাদ্য বাদনৰ আখৰা সফল সামৰণি…

নগাঁও চহৰৰ খুটিকটীয়াত ৰাস পথাৰ (কৃষ্টি বিকাশ সমাজ ) চেনিমাই ক্ষেত্ৰত অনুষ্ঠিত হোৱা বিহুনাচ,বিহুবাদ্য বাদনৰ আখৰা সফল সামৰণি……
অসমীয়া কলা কৃষ্টিৰ,অসমীয়াৰ হিয়া আমুঠো বিহুতি প্ৰ্সাৰৰ ক্ষেত্ৰত বিহু সুৰক্ষা সমিতি অসম, নগাঁও জিলা সমিতিৰ, মহিলা মঞ্চই সদায় আগ-ভাগ লৈ আহিছে।

বিহু সুৰক্ষা সমিতি অসম, নগাঁও জিলা সমিতিৰ, মহিলা মঞ্চ ব্যৱস্থাপনাত যোৱা ১৬ মাৰ্চৰ পৰা চেনিমাই ক্ষেত্ৰত অনুষ্ঠিত হোৱা বিহুনাচ ,বিহুবাদ্য বাদনৰ আখৰা আজি ২৩ মাৰ্চত সফল সামৰণি পৰিছে,আজি বিহু কৰ্মশালাৰ শেষৰটো দিনত নাচনী সকলে সুন্দৰ বিহু নৃত্য প্ৰদৰ্শন কৰে ,আৰু কৰ্মশালাত উপস্থিত দৰ্শকসকল আপ্লুত হয় এই কৰ্মশালাত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগিকে উদযাপন সমিতিৰ তৰফৰ পৰা মানপত্ৰ ও আৰু গামোচাৰে সম্বৰ্ধনা জনাই। আজি আখৰা শেষৰ টো দিনত অতিথি হিচাপে উপস্থিত থাকে জনপ্ৰিয় কন্ঠশিল্পী কৃষ্ণমণি নাথ,চেনিমাই ক্ষেত্ৰত অনুষ্ঠিত হোৱা এই বিহু কৰ্মশালাখনিত প্ৰশিক্ষক আৰু প্ৰশিক্ষকা হিচাপে উপস্থিত থকা ঢোল বাদক ভুৱন দাস আৰু অভিনেত্ৰী আৰু নাচনী চয়নিকা কাশ্যপক বিহু কৰ্মশালা উদযাপন সমিতিৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জনাই।