বেজেৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত আল্টা গাঁওৰ ১০ নং ৱাৰ্ড সদস্যা পদৰ প্ৰাৰ্থী নাজু বেগমৰ নিৰ্বাচনী প্ৰচাৰ।ৰাজ্যত এতিয়া চলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ ব্যতিক্ৰম নহয় কামৰূপ জিলাৰ বেজেৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত আল্টা গাঁওৰ ১০ নং ৱাৰ্ড । ১০ নংৱাৰ্ড সদস্যা পদৰ প্ৰাৰ্থী নাজু বেগমে সমৰ্থক সকলক লগত লৈ এইদৰে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। আল্টা গাঁওৰ ১০ নং ৱাৰ্ড সদস্যা পদৰ প্ৰাৰ্থী নাজু বেগমৰ সপক্ষে বলিছে নিৰ্বাচনী বতাহ ॥ ৰাইজেও আদৰি লৈছে নাজু বেগমক। এতিয়া ১০ নং ৱাৰ্ডৰ প্ৰতিগৰাকী ভোটাৰৰ মুখে মুখে নাজু বেগম। নিকা ভাৱমুতিৰ প্ৰাৰ্থী নাজু বেগমৰ সমৰ্থনত ওলাই আহিছে অঞ্চলটোৰ ভোটাৰ ৰাইজ |মালাৰা ইছলাপুৰ পৰা পথে পথে সমগ্ৰ ৱাৰ্ডতে এনেদৰে ৰাইজৰ আৰ্শীবাদ গ্ৰহন কৰিছে প্ৰাৰ্থী গৰাকীয়ে । আনহাতে ৰাইজৰ সহাঁৰি পোৱা বুলি প্ৰকাশ কৰে প্ৰাৰ্থী গৰাকীয়ে । অঞ্চলটোৰ ৰাইজৰ সেৱা কৰিবলৈ সুবিধা দিব বুলি আশাবাদী নাজু বেগম । একেদৰে নিৰ্বাচনী প্ৰচাৰত স্থানীয় বুথৰ সভাপতি আজিজৰ ৰহমান লগতে অঞ্চলটোৰ সমাজকৰ্মী আমিনুল হক ,ৰুহুল আমিন,ৰাজু আহমেদ উপস্থিত থাকে ।
