দক্ষিণ কামৰূপৰ কালাতলী-গৰৈমাৰী পথৰ চৌধুৰী পামত ভয়ংকৰ পথ দূৰ্ঘটনা ৷

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ শিমলু গছত প্ৰচণ্ড খুন্দা তীব্ৰবেগী যাত্ৰীবাহী ট্ৰেভেলাৰৰ ৷
দূৰ্ঘটনাটোত চালকসহ আহত কেইবাগৰাকীও যাত্ৰী ৷
আহত যাত্ৰীৰ ভিতৰত কেইবাগৰাকী স্কুলীয়া ছাত্ৰী আৰু এগৰাকী শিক্ষয়িত্ৰী বুলি জানিব পৰা গৈছে ৷
দুখন ট্ৰেভেলাৰ প্ৰতিযোগিতাৰ বাবে গুৱাহাটী অভিমূখে গৈ থকা অৱস্থাতে সংঘটিত হয় এই দূৰ্ঘটনা ৷
দূৰ্ঘটনাত পতিত ট্ৰেভেলাৰৰ নম্বৰ AS25AC-6169 বুলি জানিব পৰা গৈছে । দূ্ৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে বিশেষ তৎপৰতাৰে গাড়ীৰ চালক ৰাইজুদ্দিন আহমেদ,
শিক্ষয়িত্ৰী মাৰেল প্ৰিন্সি মাৰাক আৰু স্কুলীয়া ছাত্ৰী ক্ৰমে সুহানা আকতাৰ,নুৰীজা আহমেদ, মৰিয়ম আহমেদ,
নুৰ ইয়াচমিনক সোণতলী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে ৷ উল্লেখ্য যে, চালকৰ দায়িত্বহীনতাৰ বাবেই দূৰ্ঘটনাটো
সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷