তিনিচুকীয়া আইন মহাবিদ্যালয়ৰ সমীপত চন্দ্ৰামতী আৱাস ভৱনত সংঘটিত হয় এই অগ্নিকাণ্ড।
অগ্নিকাণ্ডত অগ্নিদগ্ধ হয় চাৰিজনকৈ লোক, তাৰে তিনিজনৰ অৱস্থা গুৰুতৰ ৷
শ্ব’ৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ সন্দেহ প্রকাশ কৰিছে অগ্নিনিৰ্বাপক বাহিনীয়ে ।
অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত ইতিমধ্যে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে ৷
জুইত অগ্নিদগ্ধ হোৱা চাৰিওগৰাকী লোকক তিনিচুকীয়া মেডিকেল কলেজ আৰু তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷