ঢেকীয়াজুলি চাহ বাগিচা ষ্টাপ ক্লাব ভোট কেন্দ্ৰত কংগ্ৰেছ দলৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীক বিজেপি কৰ্মীয়ে অপদস্থ কৰাৰ অভিযোগ…

ঢেকীয়াজুলি চাহ বাগিচা ষ্টাপ ক্লাব ভোট কেন্দ্ৰত কংগ্ৰেছ দলৰ  আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীক বিজেপি কৰ্মীয়ে অপদস্থ কৰাৰ অভিযোগ উঠিছে ৷ উল্লেখ্য যে ১৪ পলাশবস্তি গাওঁ পঞ্চায়তৰ অধীনস্থ ঢেকীয়াজুলি চাহ বাগিচা ষ্টাপ ক্লাব ভোট কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই ভোটাৰ ৰাইজৰ মাজত বিভিন্ন কৌশলেৰে আজিও প্ৰচাৰ চলোৱাৰ তথ্য পোহৰলৈ আহে ৷ উক্ত বিষয়টো পোহৰলৈ অহাত ১৪ পলাশবস্তি পঞ্চায়তৰ কংগ্ৰেছ দলৰ আঞ্চলিক সদস্যা পদৰ প্ৰাৰ্থী পূৰ্ণিমা তাঁতীয়ে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ কোৱাত প্ৰাৰ্থী গৰাকীক বিজেপি কৰ্মী গৰাকীয়ে কটু বাক্যবান কৰি অপদস্থ কৰাৰ অভিযোগ উঠিছে ৷ এই ক্ষেত্ৰত আজি কংগ্ৰেছ দলৰআঞ্চলিক পদৰ প্ৰাৰ্থী পূৰ্ণিমা তাঁতীৰ মন্তব্য ৷