কালী পূজা আৰু দীপাৱলীৰ আনন্দৰ মাজতে শুকুৰবাৰে নিশা ডিগবৈ ৰামনগৰ অঞ্চলত হোৱা শোকাবহ পথ দুৰ্ঘটনাত টিংৰাই বজাৰ অঞ্চলৰ নিবাসী ডেইৰী মৰাণ নামৰ চৈধ্য বছৰীয়া এগৰাকী ছাত্ৰী ঘটনাস্থলীতে মৃত্যু হয় । ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন অটো’ৰিক্সা আৰু ইক’ভানৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিল । ফলত দুখন বাহনৰ বিস্তৰ ক্ষয়-ক্ষতি হয় । জানিব পৰা মতে,ডেইজী লিটল ষ্টাৰ স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী আছিল । ইপিনে দুৰ্ঘটনাত ডিগবৈ বগাপানীৰ বিনায়ক গোৱালা,দুৰ্জিত কুমাৰ দত্ত,সুবুত দে’,পানীতোলা জেৰাই গাঁওৰ নিৰ্জু গগৈ, টিংৰাই কাঠ গাঁওৰ অমিত ছেত্ৰী আৰু টিংৰাই ষ্টেচন এলেকাৰ পলী ডেকা আহত হয় । আহতসকলক ডিগবৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা কৰা হয় । তাৰে দুজনক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ডিগবৈ বিধায়ক সুৰেণ ফুকন ডিগবৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ নিহত আৰু আহতসকলৰ খবৰ লয় । ডেইজী মৰাণৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে আজি আৰক্ষীয়ে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।