ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক আয়োজন ৷
জাগীৰোডৰ ডোঙাবড়ীতো গোভা,ডিমৰীয়া আৰু মনহা আঞ্চলিক শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ
এইবেলি ছয় দিনীয়াকৈ অনুষ্ঠিত কৰিবৰ বাবে ইতিমধ্যে উদযাপন সমিতিয়ে চলাইছে ব্যাপক আয়োজন ৷
ৰাস মহোৎসৱত শুকুৰবাৰে প্ৰথমদিনা গোপীসকলে শ্ৰী কৃষ্ণৰ লীলা প্ৰদৰ্শন কৰিবৰ বাবে অঞ্চলটোৰ
জীয়ৰী-বোৱাৰী সকলোৱে ইতিমধ্যে প্ৰতি দিনে চলাই আছে আখৰা ৷ গোভা ,ডিমৰীয়া আৰু মনহা আঞ্চলিক ৰাস
মহোৎসৱৰ ছয় দিনীয়া বিভিন্ন কাৰ্যসূচীৰ লগতে ভাওনা আৰু আমন্ত্ৰিত শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব ৷
গতিকে আটাইকেইটা দিনৰ বৰ্ণাঢ্য কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰাত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে
ৰাস উদযাপন সমিতিৰ সভাপতি দেবেন ডেকা আৰু সাধাৰণ সম্পাদক প্ৰশান্ত ডেকাই ৷