ছিপাঝাৰত আশাজ্যোতিৰ উদ্যোগত “বিশ্ব প্ৰতিবন্ধী দিৱস” উদযাপন । দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী ।

ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত ১৯৯২ চনৰ পৰা সমগ্ৰ বিশ্বতে বিশ্ব প্ৰতিবন্ধী দিৱস পালন কৰা হয় । এই উদ্দেশ্য সৰোগত কৰি মঙ্গলবাৰে সমগ্ৰ বিশ্বৰ লগতে দৰং জিলাৰ অন্যতম দিব্যাংগ ব্যক্তিসকলৰ শিক্ষা প্ৰতিষ্ঠান ‘আশাজ্যোতিৰ’ উদ্যোগত তথা দৰং জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা আইন সেৱা প্ৰাধিকাৰীৰ সহযোগত ‘বিশ্ব প্ৰতিবন্ধী দিৱস’ বাৰেৰহণীয়া কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হয় । ছিপাঝাৰৰ ঘোঁৰাবান্ধাস্থিত ‘ আশাজ্যোতিৰ’ কাৰ্যালয় প্ৰাঙ্গণত অৱসৰী প্ৰধান শিক্ষক- ৰিয়াজুদ্দিন আহমেদে বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে ।
ইয়াৰ পাছতেই অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে আশাজ্যোতিৰ কাৰ্যবাহী সঞ্চালক জিয়াউৰ ৰহমানে । ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ শিক্ষক ইকবাল ৰছিদ হাজৰিকাই সভাপতিত্ব কৰা উক্ত সভাত বক্তব্য প্ৰদান কৰে এচ আৰ ডি গ্ৰুপৰ উপাসনা ডেকা , দলগাঁও ডায়েটৰ অৱসৰী অধ্যক্ষ মিৰণ দেৱী , জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া বাবুল হাজৰিকা আৰু পিংকুজ্যোতি ডেকা , স্বেচ্ছাসেৱী সংস্থা সত্ৰৰ সঞ্চালক ননী কুমাৰ শইকীয়া , ৰূটচ্ টু ব্ৰাঞ্চেছ্ ফাউণ্ডেশ্যনৰ হেপিলিনা পাঠক , নাবাৰ্ড দৰং জিলাৰ সহকাৰী পৰিচালক গৌৰৱ কুমাৰ
ভট্টাচাৰ্য , জিলা দুৰ্যোগ প্ৰশমণ প্ৰাধিকাৰীৰ জিলা আঁচনি বিষয়া জগদীশ ভট্টাচাৰ্য ,ৰক্তদাতা তথা কৰুণাধৰাৰ সদস্য শেখৰজ্যোতি মজুমদাৰ , আশাজ্যোতিৰ সভাপতি যোগেন্দ্ৰ বণিয়া ,থেৰাপিষ্ট অনুপজ্যোতি শৰ্মা আদিয়ে । অনুষ্ঠানটিত দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক- অভিভাৱিকাসকলেও বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰে পৰিৱেশ জীপাল কৰি তোলে । বিভিন্ন শিতানত পাৰদ‌ৰ্শী ছাত্ৰ-ছাত্ৰীসকলক প্ৰমাণ পত্ৰৰ লগতে বঁটা
প্ৰদান কৰা হয় ।