চোতালত বহাগ । বাপতি সাহুন ৰাঙলী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন …

চোতালত বহাগ । বাপতি সাহুন ৰাঙলী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন । ৰজ্যবাসী সাজু হৈছে হেঁপাহৰ বিহুতিক আদৰিবলৈ । গছ লতিকাৰ ন কুঁহি, কুলি কেতেকীৰ বিননিত ৰজনজনাইছে প্ৰকৃতি । কি গাঁও কি চহৰ, সকলোতে যেন ডেকা গাভৰু, লৰা ছোৱালী সকলো ব্যস্ত হৈছে বহাগৰ সৈতে । ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে বিহু নাচ আৰু বিহু বাদ্যৰ আখৰা ।

ৰাজ্যৰ আন আন ঠাইৰ দৰে ঘিলামৰাতো এজাক শিশু- কিশোৰক দেখা গৈছে ঢোল বাদনৰ আখৰাত ব্যস্ত হৈ পৰা । ঘিলমৰা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ খেল পথাৰত অনু্ঠিত হোৱা এই আখৰত অৰ্ধ শতাধিক শিশু- কিশোৰ যেন ব্যস্ত হৈ পৰিছে বিশ্বৰ বুকুত নিজ সংস্কৃতিৰ আমোঘ বাৰ্তা বিয়পায় দিবলৈ । ঘিলামৰাৰ তিনি গৰাকী প্ৰতিষ্ঠিত ঢুলীয়া ক্ৰমে ক্ষীৰানন্দ শইকীয়া, প্ৰদীপ গগৈ আৰু বসন্ত বৰুৱাৰ উদ্যোগত আৰু তত্বাৱধানত অনুষ্ঠিত হোৱা ঢোল বাদনৰ আখৰাত শিশু কিশোৰ সকলৰ লগতে অভিভাৱক সকলকো যথেষ্ট উৎসাহী হোৱা দেখা পোৱা গৈছে । আজিৰ এই মোবাইল মেনিয়াৰ সময়ত মোবাইলৰ পৰা কিছু সময় হলেও আঁতৰি থাকি ঢোলৰ দৰে এবিধ থলুৱা বাদ্যৰ সৈতে একাত্ম হবলৈ সুযোগ দিয়াৰ বাবে তিনিও গৰাকী প্ৰশিক্ষকক ধন্যবাদ জনায় অভিভাৱক সকলে । আনহাতে এনে ঘৰণৰ আখৰা সমূহৰ জৰিয়তে যথেষ্ট ঢোল বাদকৰ জন্ম হব বুলি আশা প্ৰকাশ কৰিছে প্ৰশিক্ষক সকলে ।