গৰৈমাৰীত ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ পৰিয়ালসহ ভোট প্ৰদান।আজি ৰাজ্যত অনুষ্ঠিত হৈছে পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ।ৰাজ্যৰ ১৩ খন জিলাত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহন প্ৰক্ৰিয়া।ৰাতিপুৱা ৭:৩০ বজাৰ পৰা বিয়লি ৪:৩০ বজালৈ অনুষ্ঠিত হব এই ভোটদান প্ৰক্ৰিয়া।দক্ষিণ কামৰূপৰ ছয়গাঁও তথা নৱগঠিত ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ হাতীপাৰা – ফকিৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰত আজি ভোটদান কৰে জীয়ৰিসহ বিধায়ক ৰেকিবুদ্দিন আহমেদে।উল্লেখ্য যে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ৰাতিপুৱাই গুৱাহাটীস্থিত হাতীগাঁৱৰ পৰা আহি গৰৈমাৰীৰ ফকিৰপাৰা কেন্দ্ৰত ভোট প্ৰদান কৰে।বিধায়ক গৰাকীৰ লগতে জীয়ৰী ছুফিয়া আহমেদে গ্ৰামাঞ্চলৰ সাধাৰণ ভোটাৰ তথা পুৰুষ মহিলাৰ লগত একেলগে শাৰী পাতি লাইনত থিয় হৈ ভোট দিবলৈ পাই আনন্দিত হয় আৰু নিজকে গৌৰৱ অনুভৱ কৰে।ৰাতিপুৱাৰে পৰা ফৰকাল বতৰ থকাৰ বাবে ভোট দিবলৈ লোকে লোকাৰোণ্য হৈ পৰে কেন্দ্ৰ সমূহত।গৰৈমাৰী অঞ্চলৰ কেন্দ্ৰ সমূহত ৰাতিপুৱাৰে পৰা শান্তিপূৰ্ণভাৱে চলি আছে ভোটদান প্ৰক্ৰিয়া।
