গোৰেশ্বৰৰ শিমলীবাৰীৰ বৈৰাথী বাথৌ মন্দিৰ প্ৰাঙ্গণত চানজাখৌলা আঞ্চলিক বাথৌ গৌথুমৰ ৰেপালী জয়ন্তী বৰ্ষ উদযাপন।

গোৰেশ্বৰৰ শিমলীবাৰীৰ বৈৰাথী বাথৌ মন্দিৰ প্ৰাঙ্গণত চানজাখৌলা আঞ্চলিক বাথৌ গৌথুমৰ ৰেপালী জয়ন্তী বৰ্ষ উদযাপন।ৰূপালী জয়ন্তী বৰ্ষৰ তৃতীয় দিনা অনুষ্ঠিত হয় ধৰ্মালোচনা সভা।গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পাৰিসদ পৱিত্ৰ কুমাৰ বড়োৱে উদ্বোধন কৰা ধৰ্মালোচনী সভাত বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, ইএম ৰণেন্দ্ৰ নাৰ্জাৰী, প্ৰাক্তন এচিএছ বিষয়া ধৰণীধৰ বড়োকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণ।

মানৱ সমাজৰ মঙ্গল কামনাৰ্থে পৰম্পৰা আৰু ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে অনুষ্ঠিত কৰা হয় বাথৌ মন্দিৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী।আধ্যাত্মিক পৰিবেশত চাৰি দিনীয়াকৈ অনুষ্ঠিত ৰূপালী জয়ন্তী বৰ্ষৰ সকলো কাৰ্যসূচীত অঞ্চলটোৰ ২০খন গাঁৱৰ বাথৌ ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে।