হাইস্কুলৰ প্ৰধান শিক্ষকৰ বাবে যোগ্যতা লাভ কৰিব বিজ্ঞান শাখাৰ স্নাতক উত্তীর্ণ শিক্ষকে। দুই হাজাৰতকৈ অধিক বিজ্ঞানৰ স্নাতক উত্তীর্ণ শিক্ষকৰ বাবে সুখবৰ ।পূর্বে উচ্চ প্রাথমিক বিদ্যালয়ত শিক্ষাদান কৰিছিল এইসকল শিক্ষকে। বিদ্যালয় একত্ৰীকৰণৰ পিছত হাইস্কুলত নিযুক্তি দিয়া হৈছিল এইসকল শিক্ষকক। তেওঁকৰ জেষ্ঠ্যতাক প্রধান শিক্ষক পদৰ যোগ্যতাৰ বাবে স্বীকৃতি দিয়া নাছিল চৰকাৰে। পূৰ্বৰ অভিজ্ঞতাক স্বীকৃতি নিদিয়াৰ বাবে ন্যায়ালয়ৰ দ্বাৰস্থ একাংশ শিক্ষক আদালতৰ। নিৰ্দেশৰ পিছত প্রধান শিক্ষক পদৰ সেৱাবিধি সলনি কৰিবলৈ বাধ্য হয় ৰাজ্য চৰকাৰে।
