কৰ্মস্থলীলৈ ওলাই যোৱাৰ সময়ত যুৱতীগৰাকীয়ে ৰৈ আছিল ৰেপিড ।
ৰেপিড ৰৈ থকা অৱস্থাত উবেৰত অহা দুৰ্বৃত্তই চুৰিৰে আঘাত কৰিছিল ।
যুৱতী মৌচুমী গগৈৰ ঘৰ ডিব্ৰুগড়ত, পিতৃ এজন আৰক্ষী ।
চুৰিকাঘাট কৰা প্ৰেমিক ভূপেন দাসে প্ৰেমৰ প্ৰস্তাৱ দিছিল ।
প্ৰেমজনিত কাজিয়াৰ ফলতেই এই ঘটনা সংঘটিত হৈছিল ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ।
ভূপেন দাস আৰু মৌচুমী গগৈৰ আছিল প্ৰেমৰ সম্পৰ্ক ৷
কিন্তু ভূপেন বিৱাহিত বুলি জানিব পাৰিছিল মৌচুমীয়ে ৷
ইয়াৰ পাছতেই দূৰত্ব বজাই ৰাখিছিল আৰু মৌচুমীৰ অৱহেলা
সহ্য কৰিব পৰা নাছিল ভূপেনে ৷ ভূপেন দাসৰ আক্ৰমণত মৃত্যু হোৱা
মৌচুমী গগৈ এটি ১০ বছৰীয়া কন্যা সন্তানৰ মাতৃ ৷
বৰ্তমান আইতাকৰ ঘৰতেই থাকে মৌচুমীৰ সন্তানটি ৷
স্বামীৰ মৃত্যুৰ পাছত কৰ্মসূত্ৰে গুৱাহাটীতেই আছিল মৌচুমী ৷