জাগীৰোডৰ জাগীভকতগাঁৱত উত্তৰণ সন্মিলিত মহিলা গোষ্ঠীৰ উদ্যোগত পাচ দিনীয়া বিহু নাচৰ আখৰা
গছৰ ডালত বহি কুলি কেতেকীয়ে দিছে বহাগ অহাৰ বতৰা ৷ অসমীয়াৰ হেপাঁহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ৷

তেনে সময়তে সমগ্ৰ ৰাজ্যৰ লগতে জাগীৰোডতো চলিছে বিহু নাচৰ আখৰা । জাগীৰোডৰ উত্তৰন সন্মিলিত মহিলা গোষ্ঠীৰ উদ্যোগত আয়োজন কৰা ৫ দিনীয়া বিহুনাচৰ আখৰাত বিভিন্ন প্ৰান্তৰ ৩৭৫ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ।

বিহুনাচৰ এই আখৰা উদ্ধোধন কৰে বিহু সম্ৰাট খগেন গগৈয়ে ৷ বিহুৰ প্ৰশিক্ষকৰূপে থাকে জনপ্ৰিয় নৃত্য পৰিচালক উদয় শংকৰ ৷ এনেদকেই ঢোলৰ চেঁৱে চেঁৱে কঁকাল ভাঙি নাচিবলৈ আখৰাত ব্যস্ত হৈ পৰিছে কনমানিহঁতে ৷