কাইলৈ ৰাজ্যত অনুষ্ঠিত হব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন…

কাইলৈ ৰাজ্যত অনুষ্ঠিত হব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন।কামৰূপ জিলাতো হব কাইলৈ পঞ্চায়ত নিৰ্বাচন।কামৰূপ জিলাত মুঠ ১৮ টা জিলা পৰিষদ, ৯৭ ট‍া আঞ্চলিক পঞ্চায়ত আৰু ৯১০ টা পঞ্চায়ত ৱাৰ্ড সদস্যৰ বাবে নিৰ্বাচন অনুষ্ঠিত হব।জিলাখনত মুঠ ১৫৩৯টা ভোটকেন্দ্ৰত ভোট গ্ৰহণ অনুষ্ঠিত হব।ইয়াৰে ৮০ টা ভোটকেন্দ্ৰ সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালনা কৰা হব।নিৰ্বাচন পৰিচালনাৰ বাবে প্ৰায় ৬০০০ প্ৰিজাডিং, পুলিং বিষয়া নিয়োগ কৰা হৈছে।ইতিমধ্যে বেলট বক্স লৈ পৰ্যায় ক্ৰমে যাত্ৰা আৰম্ভ কৰিছে প্ৰিজাডিং, পুলিং বিষয়া সকল।