কলিয়াবৰৰ উলুৱনী চাৰিআলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা…

কলিয়াবৰৰ উলুৱনী চাৰিআলিত নিশা ভ*য়ং*ক*ৰ পথ দু*ৰ্ঘ*ট*না। চাৰিচকীয়া বিলাসী বাহনত খুন্দা মাৰি খাৱৈত সোমাল যাত্ৰীবাহী নৈশ বাছ। ধেমাজিৰ পৰা গুৱাহাটীলৈ আহি আছিল AS07 BC 9727 নম্বৰৰ প্ৰাণজিৎ ট্ৰেভেলছ নামৰ নৈশ বাছখন। একে দিশত আহি থকা AS01 NB 0300 নম্বৰৰ চাৰিচকীয়া বিলাসী বাহনত খুন্দা মাৰি ঘাইপথৰ কাষৰ খাৱৈত সোমাই যায় বাছখন। চাৰিচকীয়া বাহনখনৰ লগতে দুখন দোকানৰ গৃহও মহতিয়াই নিয়ে বাছখনে।

কথমপি ৰক্ষা পৰে বাছ খনৰ ২০ জনকৈ যাত্ৰীৰ। দু*ৰ্ঘ*ট*না সংঘটিত কৰি পলায়ণ কৰে বিলাসী বাহনখনৰ আৰোহী। ক’লা ৰঙৰ এই volkswagen বাহনখনৰ চালকৰ ভুলৰ বাবেই দু*ৰ্ঘ*ট*না*টো সংঘটিত হোৱাৰ অভিযোগ উঠিছে। নিশা প্ৰায় ১ বজাত সংঘটিত হয় এই দু*ৰ্ঘ*ট*না*টো। উল্লেখ্য যে, অতি ব্যস্ত উলুৱনী চাৰিআলি অঞ্চলটো নিশা জনশূন্য হৈ আছিল বাবে ভ*য়ং*ক8ৰ ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে।