কলিয়াবৰৰ আমবাগানত পথ দুৰ্ঘটনা । থিতাতে নিহত কণমানি শিশু ।

বলে’ৰ বাহনে মহতিয়াই নিলে টমটমক ।
থিতাতে নিহত কণমানি শিশু ।
সংকটজনক অৱস্থাত পাচঁগৰাকীক প্ৰেৰণ তেজপুৰ মেডিকেল কলেজলৈ ।
আমবাগানৰ পৰা ভাটিয়াখালিলৈ গৈ থকা অৱস্থাটেই দূৰ্ঘটনাটো সংঘটিত হয় ।
দূৰ্ঘটনা সংঘটিত কৰি পলায়ন ব’লেৰ বাহনখনৰ ।
দূৰ্ঘটনাত আঘাতপ্ৰাপ্ত ব্যক্তি কেইজন ক্ৰমে ৰূপহীহাট আৰক্ষী চকীৰ অন্তৰ্গত
মাগুৰমাৰিৰ ১৬বছৰীয়া জীয়াউৰ ইছলাম, নাজিয়া বেগম (৩)বছৰ, ৩৪ বছৰীয়া চুলতানা খাতুন
২২বছৰীয়া হাফিছা খাতুন,১৪বছৰীয়া মুছিকুল ইছলাম আনজন জাহাৱাৰা বেগম ।
আমবাগান আৰক্ষীৰ সহযোগত দূৰ্ঘটনাত পতিত হোৱা লোকসকলক কলিয়াবৰ
মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।