কমলপুৰ বিধানসভা সমষ্টিৰ বৰডাঙ্গেৰীকুছি অঞ্চলত অগপ প্ৰাৰ্থী নবীউল্লা আলীৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ ।বৰডাঙ্গেৰীকুছি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ অগপ দলৰ সমৰ্থিত প্ৰাৰ্থী নবীউল্লা আলীয়ে সেপকুছি,গাছবাৰী,পূৱপাৰলোক্ৰা ফণী চক, ঈচাৰকেম্প আদি গাঁৱত ৰেলী কৰি চলাই ব্যাপক নিৰ্বাচনী প্ৰচাৰ ।বাইক ৰেলীৰ অন্তত ফণী চকত ঘৰে ঘৰে গৈ প্ৰচাৰ চলাই হাতীৰ ছবিত ভোট দিবলৈ অগপ প্ৰাৰ্থীগৰাকীয়ে ৰাইজক অনুৰোধ জনায়।ফণী চকত প্ৰচাৰ কাৰ্যৰ মাজতে সংবাদ মাধ্যমৰ লগত হোৱা চমু বাৰ্তালাপত নবীউল্লা আলীয়ে প্ৰচাৰ অভিযানত ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিছে আৰু তেওঁ বিপুল ভোটৰ ব্যৱধানত জয়ী হোৱাতো এশ শতাংশ নিশ্চিত বুলি দাবী কৰে।
