কটহগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ কংগ্ৰছ দলৰ মনোনীত প্ৰাৰ্থী আবু হানিফাৰ বাস গৃহত বিশাল নিৰ্বাচনী প্ৰচাৰ সভা…

কটহগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ কংগ্ৰছ দলৰ মনোনীত প্ৰাৰ্থী আবু হানিফাৰ বাস গৃহত অনুষ্ঠিত হয় বিশাল নিৰ্বাচনী প্ৰচাৰ সভা।পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী।ৰাজ্যত চলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ।ধিং সমষ্টিৰ বেচামাৰী জিলা পৰিষদৰ অন্তৰ্গত কটহগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত প্ৰতিদ্বন্দিতা আগবঢ়োৱা আবু হানিফে চলাই আছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ।আজি হানিফৰ বাস গৃহত এক বিশাল নিৰ্বাচনী অনুষ্ঠিত হৈ যায়। উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজৰ পৰা বিপুল সঁহাৰি লাভ কৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী আবু হানিফাই। য’ত ৰাইজে এশ শতাংশ ভোট দি হানিফাক জয়যুক্ত কৰিব বুলি আশ্বাস দিয়ে। য’ত তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে সমৰ্থন আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে।


উল্লেখ্য যে, তিনিগৰাকী প্ৰাৰ্থীৰ ভিতৰত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আবু হানিফা জনপ্ৰিয়তাৰ ক্ষেত্ৰত বহু পৰিমাণে আগবাঢ়ি আছে। আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ দলৰ প্ৰাৰ্থী আবু হানিফাই সমূহ ভোটাৰ ৰাইজক তেওঁৰ প্ৰতীক চিহ্ন হাতৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়।