উত্তৰ প্ৰদেশৰ ফতেহপুৰ জিলাত সংঘটিত ৰে’ল দুৰ্ঘটনা। খবৰ অনুসৰি, দুখন ৰে’লৰ মাজত মুখামুখি সংঘৰ্ষ হয়।জানিব পৰা মতে, এই ঘটনাত দুগৰাকী ৰে’ল কৰ্মী আহত হয়। ফতেহপুৰৰ পাম্ভিপুৰৰ সমীপত দুখন ৰে’লৰ মাজত মুখামুখি সংঘৰ্ষত পতিত হয়।দুৰ্ঘটনাটোৰ ফলত গাৰ্ডৰ কম্পাৰ্টমেণ্ট আৰু ৰে’লৰ ইঞ্জিন ৰে’লপথৰ পৰা লাইনচ্যুত হয়। দুৰ্ঘটনাৰ পিছতে ৰে’লপথৰে ৰে’ল সেৱা ব্যাহত হৈ পৰে। জানিব পৰা অনুসৰি দুৰ্ঘটনাৰ প্ৰভাৱ ইমানেই বেছি আছিল যে এখন ৰে’লৰ ইঞ্জিন ওপৰত আন এখন ৰে’ল ইঞ্জিন উঠি যায়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে দুৰ্ঘটনাস্থলীত উপস্থিত হয় ৰে’ল কৰ্মী।