আজি ৰাষ্ট্ৰীয় ‘জেভেলিন ডে ‘ । অসম এথলেটিকছ সন্থাৰ বিশেষ আয়োজন ।

৭ আগষ্ট দিনটো স্বৰ্ণজয়ী ভাৰতীয় তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাৰ নামত উৎসৰ্গিত ।
সৰুসজাইস্থিত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় এথলেটিক ষ্টেডিয়ামত দিনযোৰা কাৰ্যসূচীৰ সৈতে
সংগতি ৰাখি ৰাজ্যিক ভিত্তিত পাঁচটা বয়স শাখা সামৰি এক জেভেলিন থ্ৰ’ প্ৰতিযোগিতাৰো আয়োজন কৰা হয় ।
ৰাজ্যৰ ২৫ খন জিলাৰ ২২৪ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত ।
এই কাৰ্যসূচীত উপস্থিত থাকে অসম এথলেটিকছ সন্থাৰ সভাপতি কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা,
ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰলোছা ।

উপস্থিত থাকে অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ সচিব কে.জে. হিলালী আৰু ক্ৰীড়া সঞ্চালক প্ৰদীপ তিমুং।
অনুষ্ঠানত চাৰি গৰাকী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক জনোৱা হয় সম্বৰ্ধনা।
প্ৰাক্তন খেলুৱৈ কুশল লাহন,ৰজনী তেতিয়া, বিৰাজ কুমাৰ ওজা আৰু নিবেদিতা গগৈক জনোৱা হয় সম্বৰ্ধনা ।
একে সময়তে , পেৰিছ অলিম্পিকত নীৰজ চোপ্ৰা ফাইনেলত প্ৰৱেশ কৰাক লৈ সুখী সকলো।