অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা বৰক্ষেত্ৰীৰ ধ্ৰুৱজ্যোতি দাসৰ ৷

বৃহস্পতিবাৰে ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰিছে বৰক্ষেত্ৰীৰ ঘোৰাথাল গাঁৱৰ ধ্ৰুৱজ্যোতি দাসে ৷ নলবাৰী জিলাৰ পশ্চিম বৰক্ষেত্ৰী মৌজাৰ অন্তৰ্গত ২নং ঘোৰাথালা গাঁৱৰ ৰঞ্জিত চন্দ্ৰ দাস আৰু মামনি দাসৰ সুযোগ্য সন্তান ধ্ৰুৱজ্যোতি দাস উজ্বলি উঠিছে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত ৷ অত্যন্ত মেধাসম্পন্ন ধ্ৰুৱজ্যোতি দাসে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ একমাত্ৰ আবকাৰী অধীক্ষকৰ পদটোত উত্তীৰ্ণ হৈ সফলতা লাভ কৰিছে ৷ অনুসূচিত জাতিৰে ভৰপূৰ গাঁওখনৰ যুৱক ধ্ৰুৱজ্যোতি
দাসৰ সফলতাত গাঁওখনত উৎসৱমুখৰ পৰিৱেশৰ সূচনা হৈছে ৷ অসম চৰকাৰৰ আবকাৰী অধীক্ষক হিচাপে নিযুক্তি পোৱা ধ্ৰুৱজ্যোতি দাসৰ সফলতাৰ পিছত ধ্ৰুৱজ্যোতিৰ বাসগৃহত শুভাকাংক্ষী আৰু আত্মীয়ৰ সমাগম ঘটিছে ৷ আবকাৰী অধীক্ষক ধ্ৰুৱজ্যোতি দাসক শুকুৰবাৰে পুৱাই বিভিন্নজনে ফুলাম গামোচাকে ধৰি বিভিন্ন উপহাৰ প্ৰদান কৰি মৰম, শুভেচ্ছাৰে ওপচায় পেলায় ৷ নৱ নিৰ্বাচিত আবকাৰী অধীক্ষক ধ্ৰুৱজ্যোতি দাসক অসম চৰকাৰৰ পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক বশিষ্ঠ দাস, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যাপক ড°
জ্যোতিপ্ৰসাদ দাস, অভিযন্তা তাপস কুমাৰ দাস, দন্ত চিকিৎসক ডাঃ জিন্টু দাস, দৌলাশাল হাইস্কুলৰ বিজ্ঞান শিক্ষক জয়ন্ত কুমাৰ দাস, আৰক্ষী জোৱান হেমেন দাসকে ধৰি বহু শুভাকাংক্ষীয়ে শুভেচ্ছা জনায় ৷ স্বচ্ছ আৰু নিকা পদ্ধতিৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ধ্ৰুৱজ্যোতি দাসৰ লগতে পিতৃ-মাতৃয়েও । উল্লেখযোগ্য যে অত্যন্ত মেধাৱী ধ্ৰুৱজ্যোতি দাসে ইতিপূৰ্বে অৰ্থাৎ ২০২৩ চনত অসম চৰকাৰৰ চেল্ছ টেক্স বিভাগৰ কণিষ্ঠ সহায়ক হিচাপে নিযুক্তি লাভ কৰি কৰ্মৰত হৈ আছিল ৷ ধ্ৰুৱজ্যোতি দাসে চাকৰিৰ সমান্তৰালভাৱে সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে কোচিং
চেন্টাৰত এবছৰীয়া শিক্ষা গ্ৰহণ কৰিছিল ৷