• Home
  • অপৰাধনামা
  • ৰঙিয়াত ৱেব চিৰিজ কিডনেপৰ শুভ মুক্তি অনুষ্ঠান সম্পন্ন

ৰঙিয়াত ৱেব চিৰিজ কিডনেপৰ শুভ মুক্তি অনুষ্ঠান সম্পন্ন

সঙ্গীত গ্ৰুপ অফ‌্ ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত ৱেব চিৰিজ কিডনেপৰ শুকুৰবাৰে নিশা ৰঙিয়াত শুভ মুক্তি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ৰঙিয়া প্ৰেছ ক্লাবত সন্ধিয়াৰ ভাগত তদুপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৱেব চিৰিজখনৰ প’ষ্টাৰৰ আনুষ্ঠানিকভাবে উন্মোচন কৰে সাংস্কৃতিক কৰ্মী অঞ্জন দাস, কামৰূপ জিলা পৰিষদৰ অধ্যক্ষ নিপন ভূঞাই । পৰিচালক পঙ্কজ পল্লৱ শৰ্মাই আত ধৰা অনুষ্ঠানটিত সদৌ অসম কবি মঞ্চৰ সভাপতি জাভেদ জামান, কৃতি শিক্ষক জয়ন্ত কুমাৰ শৰ্মা, সাংস্কৃতিক কৰ্মী বিনোদ ৰাজবংশী প্ৰমুখ্যে আন কেবাগৰাকীও বিশিষ্ট ব্যাক্তিয়ে অ্ংশগ্ৰহণ কৰে। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক তাপস চমাদ্দাৰ ,নছিউৰ ৰহমান ৰঙিয়া প্ৰেছ ক্লাবৰ সম্পাদক ফাৰুক হুছেইন, সহকাৰী সম্পাদক ভাস্কৰ কলিতাৰ লগতে ময়নুল হক ,সৰু খান প্ৰমুখ্যে সংবাদ কৰ্মী সকল উপস্থিত থাকে।উল্লেখ্য যে ৱেব চিৰিজ খনি সাংস্কৃতিক পৰিক্ৰমা ইউ টিউব চেনেল যোগে উপলব্ধ হ’ব।

Releated Posts

জুবিন গাৰ্গ গোচৰ আৰু শ্য়ামকানু মহন্তৰ বেংক একাউণ্ট পুনৰাই খোলাৰ নিৰ্দেশ আদালতৰ

সোমবাৰে গুৱাহাটীৰ কামৰূপ মেট্ৰ’পলিটান আদালতে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত আদালতে শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ দিলে,…

ByByMahesh Malakar Mar 3, 2026

ই ডিৰ সন্মুখত ধন সৰবৰাহৰ গোচৰত উপস্থিত অনিল আম্বানী

ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীয়ে বৃহস্পতিবাৰে নতুন দিল্লীস্থিত বলৱৎকাৰী সঞ্চালকালয় চমুকৈ ইডিৰ সন্মুখত ধন সৰৱৰাহৰ গোচৰত উপস্থিত হয়…

ByByMahesh Malakar Feb 26, 2026

গোলাঘাটত দলীয় কৰ্মীৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন গৌৰৱ গগৈ

গোলাঘাটত দলীয় কৰ্মীৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন গৌৰৱ গগৈ গোলাঘাট আৱৰ্ত ভৱনত গৌৰৱ গগৈক ঘেৰাও কংগ্ৰেছীৰ অজাপক সৰুপথাৰ সমষ্টি…

ByByMahesh Malakar Feb 26, 2026

উচ্ছেদৰ পিছতেই উৰিয়ামঘাটত চেগুন গছ চোৰৰ উপদ্ৰৱ

উল্লেখযোগ্য যে, উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ পিছতেই ইটোৰ পিছত সিটো অনৈতিক, দুষ্কাৰ্য সংঘটিত হৈ আহিছে । উৰিয়ামঘাটত…

ByByMahesh Malakar Feb 24, 2026
Scroll to Top