মৰিগাঁৱত নিশা দুটাকৈ দুৰ্ঘটনা, কৰুণ মৃত্যুক আঁকোৱালি ল’লে দুই যুৱকে…

নিশা মৰিগাঁৱৰ কটহজাৰিত ভয়ংকৰ দুৰ্ঘটনা। ট্ৰেক্টৰৰ হেঁচাত মৃত্যু দুজন লোকৰ। পথাৰৰ পৰা আহি থকা অৱস্থাত দ’ খাৱৈত ট্ৰেক্টৰখন বাগৰি পৰাত মৃত্যু হয় গৌৰৱ বৰদলৈ আৰু ৰতন দেউৰী নামৰ যুৱক দুজনৰ। বহু সময় ট্ৰেক্টৰৰ তলতেই আবদ্ধ হৈ আছিল মৃত যুৱক দুজন। অৱশেষত ৰাইজ আৰু আৰক্ষী সহযোগত উদ্ধাৰ কৰা হয় দুয়োৰে মৃতদেহ।

আনহাতে মৰিগাঁও মাজমজিয়াত সংঘটিত হয় আন এটা ভয়ংকৰ দুৰ্ঘটনা৷ ষ্টেট বেংকৰ সন্মুখত কেইবাখনো বাহন একেলগে দুৰ্ঘটনাত পতিত হয়। এখন ডাম্পাৰ, এখন টাটা হেৰিয়াৰ, এখন বলেন’ আৰু এখন মটৰ চাইকেলৰ মাজত সংঘটিত হয় এই ভয়াৱহ পথ দুৰ্ঘটনা। ঘটনাক্ৰমে ইখনৰ পাছত সিখনকৈ বাহনত খুণ্ডা খোৱাৰ ফলত সংঘটিত হয় এই ঘটনা৷

উক্ত দুৰ্ঘটনাক লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু মৰিগাঁও আৰক্ষীৰ তৎপৰতাত লগে লগে বাহনকেইখন জব্দ কৰাৰ লগতে আহত এজন লোকক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়…