পৰীক্ষা আৰম্ভ হোৱাৰ সময় পাৰ হৈ যোৱাৰ পাছতো কেন্দ্ৰত আহি নাপালে প্ৰশ্নকাকত
প্ৰধান শিক্ষকৰ গাফিলতিৰ বাবে এনে পৰিস্থিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ
এই ঘটনা সংঘটিত হৈছে গোৰেশ্বৰৰ নিকতৱৰ্তী কামৰূপৰ গাছবাৰী হাইস্কুল পৰীক্ষা কেন্দ্ৰত
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই গোৰেশ্বৰৰ সমীপৱৰ্তী গাছবৰী হাইস্কুলত অঘটন । কামৰূপ জিলাৰ কৰৰা উচ্চ শিক্ষা খণ্ডৰ অন্তৰ্গত গাছবৰী হাইস্কুলৰ বি- ২৫– ০৪০৫নম্বৰৰ পৰীক্ষা কেন্দ্ৰত সময়মতে অনুষ্ঠিত কৰিব নোৱাৰিলে পৰীক্ষা। প্ৰশ্ন কাকত সময়মতে আহি নোপোৱাত অনুষ্ঠিত কৰিব নোৱাৰিলে পৰীক্ষা। বিদ্যালয়খনৰ প্ৰধান শিক্ষক অশোক চৌধুৰীয়ে ২৫ মিনিট পলমকৈ কাকত অনাত কেন্দ্ৰটোত সময়মতে পৰীক্ষা অনুষ্ঠিত কৰাত বিলম্ব হয় । ফলত ২৭১গৰাকী ছাত্ৰ-ছাত্ৰী থকা কেন্দ্ৰটোত ৪৫মিনিট পলমকৈ পৰীক্ষা অনুষ্ঠিত কৰিব লগা হয়। ইয়াকে লৈ অভিভাৱকসকল ক্ষোভিত হৈ পৰে আৰু পলমকৈ প্ৰশ্ন কাকতলৈ প্ৰধান শিক্ষক অশোক চৌধুৰী পৰীক্ষা কেন্দ্ৰটোত আহি উপস্থিত হোৱাত একাংশ ক্ষুদ্ধ অভিভাবকে তেওঁক প্ৰহাৰ কৰে। প্ৰশ্ন কাকত সময়মতে আহি নোপোৱাকলৈ পৰীক্ষা কেন্দ্ৰটোৰ সন্মূখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । অৱশ্যে কিছু সময়ৰ পিছত গাছবাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।