আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগেলগে প্ৰচাৰ অভিযান তুংগত উঠিছে শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰ ৷ সোমবাৰে জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও পঞ্চায়ত এলেকাত নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ সমষ্টিটোৰ দেওশাল, ধৰমতুল, জাগীভকত গাঁও আৰু মায়ং জিলা পৰিষদ আৰু ২৯ টা আঞ্চলিক পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় মন্ত্ৰীগৰাকীয়ে ৷ জাগীৰোডক বিজেপি চৰকাৰে যিখিনি দিলে, তাক সন্মান জনাই পুনৰ জাগীৰোডবাসীয়ে বিজেপিৰ প্ৰাৰ্থী সকলক ভোট দিব বুলি আশা প্ৰকাশ কৰে ৷ আনহাতে সাংসদ প্ৰদ্যুত বৰদলৈক কৰা আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী প্ৰকাশ কৰি পীয়ুষ হাজৰিকাই ৷

তেওঁ কয়, টকা লৈ টিকট নিদিয়াৰ বাবেই আক্ৰমণ কৰিছিল সাংসদ প্ৰদ্যুত বৰদলৈক ৷ কংগ্ৰেছৰ দলীয় কৰ্মীয়েই আক্ৰমণ কৰিছিল সাংসদ গৰাকীক ৷ টকা দিও টিকট নাপাই ক্ষোভিত কংগ্ৰেছ কৰ্মীয়ে আক্ৰমণ কৰিছিল প্ৰদ্যুত বৰদলৈক ৷ প্ৰকৃত কাৰণ ঢাকিবলৈ সাংসদ প্ৰদ্যুত বৰদলৈয়ে বিজেপিক দোষাৰোপ কৰিছে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ ৷ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ এই প্ৰচাৰ অভিযানত সংগ দিয়ে অসম ৰাজ্যিক বিজেপিৰ প্ৰভাৰী হৰিশ দ্বিবেদীয়ে ৷