উত্তৰ গুৱাহাটীৰ লেঙাৰ ৰাজপথত পুৱতি নিশা গঁড়ৰ মুক্ত বিচৰণ।পুৱতি নিশা পাচলি গাড়ী লৈ যোৱা লোকে প্ৰত্যক্ষ কৰে এশিঙীয়া গড়টোক।প্ৰায় ৫০ দশকৰ পিছত লেঙাত গঁড়ৰ মুক্ত বিচৰণ।উল্লেখ্য, আজি কিছুদিনৰ পৰা লেঙাৰ সমীপৱৰ্তী দৰং জিলাৰ কুৰুৱা অঞ্চলত বিচৰণ কৰি আছে দুটাকৈ গড়ে ।

বন বিভাগক স্থানীয় ৰাইজে বাৰে বাৰে জনোৱাৰ পিছতো কুৰুৱা ৰেঞ্জৰ বন বিষয়া গৰাকীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ।গড় দুটা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অহাৰ সন্দেহ কৰিছে ৰাইজে।গঁড়ৰ মুক্ত বিচৰণক লৈ এতিয়া তীব্ৰ আতংকত ভুগিছে লেঙা কুৰুৱাৰ ৰাইজে।