কবিতাৰ মাজতে প্ৰাণ পাই উঠিছে জুবিন । খোল খাইছে জুবিন বিহীন সময়ৰ অনুভৱৰ দুৱাৰ। শব্দৰ চতৈন্যৰ মাজত জী উঠা এই অনুভৱত আছে বিশ্বাসৰ দলিছাৰে গঠা প্ৰেমৰ আকাশ। বিলীন হৈ আছে তেওঁ জুবিনৰ মাজতে চিৰ দিনৰ বাবে। নিগৰি আহিছে জুবিনৰ হৃদয়ৰ পৰা তেওঁৰ হৃদয়লৈ অগণন শব্দ। গৰিমাই লিখিছে –
তোমাৰ কলিজাত দাগ লাগিব নিদিবা
তাত লুকাই আছে মোৰ অনন্তকালৰ শব্দহীন স্পন্দন
পৃথিৱীৰ প্ৰথম পুৱাৰ পৰা
এতিয়ালৈ নিগৰি অহা
প্ৰত্যকটো কবিতাৰ অস্থিৰ গুঞ্জণ
আৰু সময়ৰ শিলে শিলে সাঁথৰ হোৱা অস্পুট প্ৰেমৰ
অনাবিল ক্ৰন্দন













